Show/Hide Keyboard Layout

আকাশ আজি মোৰ নাই

- নিৰ্মলপ্ৰভা বৰদলৈ

আকাশ আজি মোৰ নাই, নাই

জোনাক নাই, বতাহ নাই

ডেউকা পুৰি যায় ।

 

দুটি বিহগ উৰিছিলো

পাখীতে পাখী থৈ

কত সপোন দেখিছিলো

আলফুল মন লৈ

ভাবিছিলো উৰি যাম

দিগন্ত পাৰ হৈ

আকাশ আজি মোৰ নাই ...

 

এই বনতে উৰিছিলো

জোনাকৰ মৌ লৈ

দূবৰিতে বহিছিলো

চকুতে চকু থৈ

আজি ক’ত লুকুৱাম চকুলো মোৰ

নদী মৰু হৈ কিয় যায়

কি অভিশাপত হায়

নিঠুৰ দেৱতাৰ বিচাৰ নাই ।।

Hits: 1109